পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে।
আৰু সেই পূৱফালৰ বাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, পহৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ।
আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এশ হাতৰ সিফালে এশ হাতৰ সীমা আছিল আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইফালে ছহাত সিফালে ছহাত আছিল।