Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 39:20

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাম; আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; তেওঁলোক আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; তেওঁলোক আটাইবোৰ তৰোৱালধাৰী।

তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।

মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।

তোমালোকে ৰজা সকলৰ মঙহ, সেনাপতি সকলৰ মঙহ, শক্তিমন্ত সকলৰ মঙহ, ঘোঁৰা আৰু তাত উঠি থকাবোৰৰ মঙহ, দুয়ো স্বাধীন আৰু দাস, সৰু আৰু বৰ সকলোৰে মঙহ আহি খোৱা।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন