Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 36:35

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।

তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”

তাকে দেখি লোকসকলে ক’ব, “সচাঁকৈয়ে ধাৰ্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।”

তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।

হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।

তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।

কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।

বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “এই উচ্ছন্ন ঠাইত মানুহ আৰু পশুশূন্য আৰু ইয়াৰ সকলো নগৰত মেৰ-ছাগৰ জাকক শয়ন কৰাওঁতা ৰখীয়াসকলৰ বসতিৰ ঠাই পুনৰায় হ’ব।

আৰু মই তেওঁলোকলৈ কৰা সকলো মঙ্গল-কাৰ্য্যৰ কথা পৃথিৱীৰ যি জাতি সমূহে শুনিব, আৰু মই তেওঁলোকৰ কাৰণে কৰা আটাই মঙ্গল আৰু শান্তিৰ কথা শুনি ভয়ত কঁপিব, সেই সকলো জাতিৰ আগত এই নগৰ মোৰ পক্ষে আনন্দজনক নাম, প্ৰশংসা আৰু গৌৰৱৰ বিষয় হ’ব’।”

ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!

মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”

আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।

তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা।

তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে। তাৰ আগত দেশখন এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা মৰুভূমিৰ নিচিনা। এনেকি একোৱেই তাৰ পৰা ৰক্ষা নাপায়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন