আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।
তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।
যদিও পৰ্ব্বতবোৰ ধ্বংস হ’ব, আৰু পাহাৰবোৰ কঁপিব; তথাপিও তোমালোকৰ পৰা মোৰ বিশ্বাসযোগ্য চুক্তি আঁতৰি নাযাব, বা মোৰ শান্তিৰ চুক্তি লৰচৰ নহব, যি জনে তোমালোকক অনুগ্ৰহ কৰে সেই যিহোৱাই কৈছে।
মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।
কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।
যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
সেই দিনা যিহূদাই পৰিত্ৰাণ পাব, আৰু যিৰূচালেমে নিৰাপদে বাস কৰিব, আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে সেই নগৰ প্ৰখ্যাত হব।
তথাপি মই তোমাৰ যৌৱনকালত তোমাৰে সৈতে পতা মোৰ নিয়মটি সোঁৱৰণ কৰিম আৰু তোমাৰ অৰ্থে এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিম।
আৰু প্ৰভু যিহোৱাই কৈছে! তুমি কৰা সকলো কাৰ্যৰ বাবে মই তোমাক ক্ষমা কৰা সময়ত, তুমি মনত কৰি বিবৰ্ণ হ’বলৈ আৰু তুমি লাজ পাই তোমাৰ মুখ পুনৰায় কেতিয়াও নেমেলিবলৈ, মই তোমাৰে সৈতে মোৰ নিয়মটি স্থাপন কৰিম’।”
আৰু মই তোমালোকক দণ্ডডালিৰ তলেদি গমন কৰাম আৰু নিয়মটিৰ বান্ধনীলৈ আনিম;
তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।
আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব।
ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
বহুদিনৰ পাছত তোমাৰ সৈন্য সমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতি সমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ’ল আৰু তেওঁলোক আটায়ে নিৰাপদে বাস কৰিছে!
আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।
তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা।
আৰু মই দেশত শান্তি দান কৰিম; তাতে তোমালোকক কোনেওঁ ভয় নোখোৱাকৈ তোমালোকে শুবলৈ পাবা; মই তোমালোকৰ দেশৰ পৰা হিংসুক জন্তুবোৰ নাইকিয়া কৰিম, আৰু তোমালোকৰ দেশৰ মাজেদি তৰোৱাল নচলিব।
লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।
এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
শান্তিৰ আঁকৰ যি ঈশ্বৰে, অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবোৰৰ সেই মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;