অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।
এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
আৰু হে নীনবি নগৰ, তোমালোকৰ বিষয়ে যিহোৱাই আজ্ঞা দিছে যে, তোমালোকৰ কোনো বংশধৰৰ নাম ৰখা নাযাব; মই তোমালোকৰ দেৱতাবোৰৰ ঘৰৰ পৰা কটা-মূৰ্ত্তি আৰু সাঁচত ঢলা মূৰ্ত্তিবোৰ উচ্ছন্ন কৰিম; মই তোমালোকৰ মৈদাম খান্দিম, কিয়নো তোমালোক পাপিষ্ঠ।
আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব; সেইবোৰে অচুৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।”