Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 30:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

মিচৰৰ ৰজাই যুদ্ধ কৰিবৰ কাৰণে নিজৰ দেশৰ পৰা আৰু বাহিৰ নহ’ল; কিয়নো বেবিলনৰ ৰজাই মিচৰৰ ৰজাৰ অধীনত থকা মিচৰৰ জুৰিৰ পৰা ইউফ্রেটিচ নদীলৈকে সমগ্র ৰাজ্য দখল কৰি ল’লে।

কিয়নো দুষ্টবোৰৰ বাহু ভঙা হব। কিন্তু যিহোৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব।

“ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।

ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”

“মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!

হায়, জাক এৰি যোৱা অযোগ্য মেৰ-ৰখীয়া! তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা! তেওঁৰ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁৰ সোঁ চকু অন্ধ হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন