Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 30:1

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

সেই দিনা মিচৰ দেশৰ মাজত যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী, আৰু সীমাত যিহোৱাৰ উদ্দেশ্যে এটা শিলৰ স্তম্ভ হ’ব।

তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।

তেতিয়া তহ্পন্হেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,

জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।

তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,

“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!

“সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”

“হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’

“কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন