মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।
হে প্ৰভু, মোৰ ওঁঠ মুকলি কৰা; মোৰ মুখে তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিব।
হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।
“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।
সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ!
যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।
তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
নগৰৰ দুৱাৰত অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাজনক, তোমালোকে ঘিণ কৰা আৰু সত্য কথা কোৱা জনক তুচ্ছ কৰা।