আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।
সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।