সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
এইদৰেই তেওঁলোক নিজ নিজ কৰ্মৰ দ্বাৰাই অশুচি হ’ল; কাৰ্যৰ দ্বাৰা তেওঁলোকে নিজকে ব্যভিচাৰী কৰিলে।
কিন্তু তুমি নিজ সৌন্দৰ্য্যত নির্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম কৰিলা; তাৰহে ভোগ হ’ল।
মই তেওঁলোকক কৈছিলোঁ, ‘তোমালোকে তোমালোকৰ চকুত লগা সকলো ঘিণলগীয়া বস্তু দূৰ কৰা আৰু মিচৰৰ প্রতিমাবোৰেৰে তোমালোকক অশুচি নকৰিবা; ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।
ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল।