এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
তেওঁ যিহোৱাৰ গৃহত, ৰাজগৃহত আৰু যিৰূচালেমৰ সকলো ঘৰতে জুই লগাই দিলে। নগৰৰ প্রধান প্রধান অট্টালিকাবোৰ জুই দি পুৰিলে।
দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব; তেওঁৰ আগে আগে গ্রাসকাৰী অগ্নি আহিব, তেওঁৰ চাৰিওফালে অতিশয় ধুমুহা বব।
ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
কাৰণ জলন্ত ঠাই এখন পূৰ্বৰে পৰা তৈয়াৰ কৰা আছে। বাস্তৱিকতে এইটো ৰজাৰ বাবে প্রস্তুত; আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে। জুই আৰু অধিক খৰিৰে স্তূপ প্রস্তুত আছে। গন্ধক প্রবাহিত হোৱাৰ দৰে যিহোৱাৰ নিঃশ্বাসে ইয়াক জ্বলাব।
দেশবাসীসকলে তোমাৰ সাক্ষাতে কঁপিবলৈ তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জনাবলৈ, অগ্নিয়ে জেং খৰি পোৰাৰ দৰে, আৰু জুয়ে পানী উতলোৱাৰ দৰে তুমি নামি আহিলে, কেনে ভাল আছিল।
তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা।
হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপুৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।
এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!
তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে।
কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।