Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 20:28

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।

অধ্যায়টো চাওক কপি কৰক

24 পৰস্পৰ সংযোগসমূহ  

কিয়নো তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত নিজৰ কাৰণে পবিত্ৰ ঠাইবোৰ, স্তম্ভ, আৰু আচেৰা মূৰ্ত্তিবোৰ যুগুত কৰিলে৷

তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।

তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”

ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।

যিহোৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্ব্বতবোৰত ধূপ জলোৱা আৰু উপ-পৰ্ব্বতবোৰত মোক নিন্দা কৰা, তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰো অপৰাধৰ প্ৰতিফল তোমালোকক দিম, আৰু মই প্ৰথমে তেওঁলোকৰ অতীতৰ কাৰ্য জুখি তেওঁলোকৰ বুকুত প্ৰতিফল দিম।

গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”

মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ, কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অশুচি কৰিলা আৰু মোৰ আধিপত্য ঘিণলগীয়া কৰিলা।

যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।

কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।

প্ৰভু যিহোৱাই কৈছে, মই তোমাক দিয়া মোৰ আহাৰ, মই তোমাক খাবলৈ দিয়া মিহি আটা, তেল আৰু মৌ-জোল তুমি সুঘ্ৰাণৰ অৰ্থে সেইবোৰৰ আগত থলা আৰু সেইদৰেই হ’ল।

তুমি নিজৰ বাবে এক বেশ্যালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা।

ইয়াত বাজে, আটাই দেশৰ ভূষণস্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, মই তেওঁলোকক দান কৰা দেশৰ মাজলৈ তেওঁলোকক নিনিও বুলি মই অৰণ্যত তেওঁলোকৰ অহিতে হাত দাঙি শপত কৰিছিলোঁ।

তেতিয়া মই তেওঁলোকক কলোঁ, ‘যি ওখ ঠাইখনলৈ তোমালোক উঠি যোৱা, সেই ঠাই কি? এই দৰে সেই ঠাই আজিলৈকে “বামা” নামেৰে প্ৰসিদ্ধ”।’

সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!

য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!

ইয়াৰ অভিপ্ৰায় এই, যে, ইস্ৰায়েলৰ সন্তান সকলে মুকলি পথাৰত যি যি পশু বলিদান কৰে, সেই সকলোকে তেওঁলোকে যেন সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ ওচৰলৈ আনি, যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰে।

চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন