Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 2:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।

অধ্যায়টো চাওক কপি কৰক

24 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”

এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!

যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।

আৰু তেওঁলোকক কোৱা, ‘সেই দুৱাৰবোৰেদি সোমোৱা হে যিহূদাৰ ৰজাসকল, সমুদায় যিহূদা, আৰু যিৰূচালেম-নিবাসী সকলো লোকসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা।

সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?

বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।

তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিৰূচালেমত যিহূদাৰ ৰজা চিদিকিয়াক সেই সকলো কথাবোৰ ক’লে।

এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰুকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”

পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।

তেতিয়া যিৰিমিয়াই সকলো লোকসকলক তেওঁক উত্তৰ দিয়া পুৰুষ মহিলা আদি সকলো লোকসকলক এই কথা ক’লে,

তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।

তুমি তেওঁলোকক এই আটাইবোৰ কথা ক’বা, কিন্তু তেওঁলোকে তোমাৰ কথা নুশুনিব; আৰু তুমি তেওঁলোকক মাতিব, কিন্তু তেওঁলোকে তোমাক উত্তৰ নিদিব।

তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।

“হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।

তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।

এই হেতুকে হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশক কোৱা; তেওঁলোকক এই কথা কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ পূ্ৰ্ব্ব-পুৰুষসকলে মোৰ অহিতে অপৰাধ কৰি, ইয়াতে মোক আৰু অপমান কৰিলে;

তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।

“হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া।

পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা।

এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা।

পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।

বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া।

তেওঁ ক’লে, “তুমি উঠি সেই মহানগৰ নীনবিলৈ যোৱা আৰু মই যি কথা তোমাক ক’বলৈ দিম, সেই কথা তাত ঘোষণা কৰিবা।”

মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন