আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
তেতিয়া যিহূদাই নিজৰ পো-বোৱাৰী তামাৰক ক’লে, “যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয়, তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাবে থাকাগৈ।” কিয়নো তেওঁ ভাবিছিল, “কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ’ব।” তাতে তামাৰে নিজৰ পিতৃৰ ঘৰত গৈ বাস কৰিলে।
ইয়াৰ তিনি মাহৰ পাছত যিহূদাই এই খবৰ পালে যে, “আপোনাৰ বোৱাৰী তামাৰে ব্যভিচাৰ কৰিছে; ব্যভিচাৰত তাই গৰ্ভৱতীও হ’ল।” তেতিয়া যিহূদাই ক’লে, “তাইক উলিয়াই আনি পুৰি পেলোৱা হওঁক।”
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি প্ৰচুৰ পৰিমাণে অশুচি কাৰ্য কৰাৰ বাবে আৰু তোমাৰ প্ৰেমকাৰীসকলৰ লগত কৰা তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পোৱা বাবে আৰু তোমাৰ ঘিণলগীয়া আটাই মূৰ্ত্তিবোৰৰ আৰু তুমি সেইবোৰৰ আগত দিয়া তোমাৰ সন্তান সকলৰ ৰক্তপাতৰ কাৰণে,
তেতিয়া তেওঁলোকে তোমাৰ অহিতে এক সমাজ পাতি তোমাক শিল দলিয়াই মাৰিব, তৰোৱালেৰে ডোখৰ ডোখৰকৈ কাটিব আৰু তোমাৰ ঘৰবোৰ জুই দি পুৰিব।
তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!
আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব।
এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।
মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব।
নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।
আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”