যিহি 14:3ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019“হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম? অধ্যায়টো চাওক |
সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।
আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।