Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিহি 11:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত ইলীচা পুনৰ গিলগললৈ ঘূৰি গ’ল; সেই সময়ত সেই ঠাইত আকাল হৈছিল; তেতিয়া শিষ্য ভাববাদীসকলৰ এটা দল তেওঁৰ আগত বহি আছিল; তেওঁ নিজৰ দাসক ক’লে, “ডাঙৰ চৰুটো জুইৰ ওপৰত বহাই দি শিষ্য-ভাৱবাদীৰ দলটোৰ কাৰণে আঞ্জাৰে চুৰুহা ৰান্ধা।”

তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।”

এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।

তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’

“মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন