আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল:
প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।