চন্দ্ৰতাপখনৰ তলত তেওঁলোকৰ ডেউকা পৰস্পৰৰ ফালে পোন আৰু গা ঢাকিবৰ বাবে প্ৰতিজনৰ এফালে দুখন আনফালে দুখন ডেউকা আছিল।
চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
তেওঁলোক যোৱা সময়ত মহাজলৰ শব্দৰ নিচিনা, সৰ্ব্বশক্তিমান জনাৰ ধ্বনিৰ দৰে মই তেওঁলোকৰ ডেউকাৰ শব্দ শুনিলোঁ, সৈন্য-সামন্তৰ ধ্বনিৰ দৰে কোলাহলৰ শব্দ শুনিলোঁ; তেওঁলোক ৰৈ যোৱা সময়ত তেওঁলোকে নিজ নিজ ডেউকা চপায়।
কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল।
তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”