যিচ 65:12ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তোমালোকক তৰোৱালৰ বাবে মই নিৰূপণ কৰিম, আৰু তোমালোকে বলি হ’বলৈ মূৰ দোঁৱাবা। কাৰণ মই যেতিয়া মাতিলো তোমালোকে উত্তৰ নিদিলা, আৰু মই যেতিয়া কলোঁ, তোমালোকে নুশুনিলা; কিন্তু মোৰ দৃষ্টিত যি বেয়া, তাকেই তোমালোকে কৰিলা, আৰু যিহতে মোৰ সন্তোষ নাপাওঁ, তাকেই কৰিবলৈ তোমালোকে বাচি ল’লা। অধ্যায়টো চাওক |
এই কাৰণে যিহোৱাই এই কথা কৈছে: “তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত, প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা; গতিকে চোৱা, মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম” - যিহোৱাৰ ঘোষণা এই, মইও তৰোৱাল, মহামাৰী, আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাসৰ বিষয় কৰিম।