হে যিহোৱা; এতিয়াও তুমি কেনেকৈ আঁতৰি থাকিবা? কেনেকৈ তুমি মনে মনে থাকি, আমাক অত্যন্ত দুখ দিবা?
হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম, কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম।
স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰা, আৰু তোমাৰ পবিত্ৰতাৰ আৰু গৌৰৱৰ নিবাসৰ পৰা মনযোগ দিয়া; তোমাৰ আগ্রহ আৰু মহৎ কাৰ্যবোৰ ক’ত?
চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?”
তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”