তেওঁলোকৰ মাজৰ কোনেও ক্লান্ত নহ’ব, নাইবা উজুটি নাখাব, আৰু টোপনি নাযাব নাইবা গভীৰ টোপনি নাযাব; নাইবা তেওঁলোকৰ কটিবন্ধন ঢিলা নহ’ব, নাইবা তেওঁলোকৰ জোতাৰ আগভাগো নাভাঙিব।
চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।
তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়, আৰু তেওঁলোকৰ ককালত ডোল লগায়।
তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।
ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে,
ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই।
তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।
যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।