যিচ 5:25ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019এই হেতুকে নিজৰ লোকসকলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ প্ৰজলিত হ’ল, আৰু তেওঁলোকৰ বিৰুদ্ধে তেওঁ হাত মেলি তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে পৰ্ব্বতবোৰ কঁপিল, আৰু বাটৰ মাজত তেওঁলোকৰ শৱবোৰ বাটৰ জাবৰৰ দ্বৰে হ’ল, কিন্তু এতিয়াও তেওঁ দণ্ড দিবলৈ হাত দাঙি আছে। অধ্যায়টো চাওক |
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”