যিচ 47:8ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।” অধ্যায়টো চাওক |
স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।