চাওক, আপোনাৰ গৃহত যি যি আছে, আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে, সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব, ইয়াক যিহোৱাই কৈছে।
যিহোৱাই যি দৰে কৈছিল, তেনেদৰেই ঘটিল; নবুখদনেচৰে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ পৰা সকলো মূল্যবান সামগ্রীবোৰ লৈ গ’ল আৰু ইস্ৰায়েলৰ ৰজা চলোমনে যিহোৱাৰ মন্দিৰৰ কাৰণে সোণেৰে যিবোৰ সামগ্রী নির্মাণ কৰিছিল, সেইবোৰ তেওঁ কাটি টুকুৰা- টুকুৰি কৰি লৈ গ’ল।
পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।
আৰু তেওঁ ঈশ্বৰৰ গৃহৰ সৰু বৰ সকলো বস্তু আৰু যিহোৱাৰ গৃহৰ বহুমূল্য দ্ৰব্য আৰু ৰজাৰ ও তেওঁৰ প্ৰধান লোকসকলৰ বহুমূল্য দ্ৰব্য, এই আটাইবোৰ বাবিলললৈ লৈ গ’ল।
ইয়াত বাজে মই এই নগৰৰ সকলো সম্পত্তি আৰু তাৰ আটাই পৰিশ্ৰমৰ ফল, আৰু আটাই বহুমুল্য বস্তু, এনে কি, যিহূদাৰ ৰজাসকলৰ সমস্ত ভঁৰালৰ উত্তম দ্ৰব্য তেওঁলোকৰ শত্ৰূবোৰৰ হাতত সমৰ্পণ কৰিম; তেওঁলোকে সেইবোৰ লুট কৰি বাবিললৈ লৈ যাব।
তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।
তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান