Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 38:5

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“তুমি গৈ হিষ্কিয়াক কোৱা, তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ, আৰু তোমাৰ চকুলোত মোৰ দৃষ্টি পৰিল; চোৱা, মই তোমাৰ আয়ুস পোন্ধৰ বছৰ বঢ়াই দিম।

অধ্যায়টো চাওক কপি কৰক

29 পৰস্পৰ সংযোগসমূহ  

তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।

এই হেতুকে এতিয়া হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি মোৰ পিতৃ দায়ূদক কৈছিল, ‘তুমি মোৰ আগত যেনেকৈ চলিছা, সেইদৰে যদি তোমাৰ সন্তান সকলে মোৰ সন্মুখত চলিবলৈ নিজ নিজ পথত সাৱধান থাকে, তেনেহলে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব’, এইদৰে আপোনাৰ দাসৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞাকে আপোনাৰ এই দাসলৈ পালন কৰক।

যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চৈধ্য বছৰত, অচূৰৰ ৰজা চনহেৰীবে যিহূদাৰ সকলো গড়েৰে আবৃত নগৰবোৰ আক্রমণ কৰি সেইবোৰ অধিকাৰ কৰি ল’লে।

তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু যিৰূচালেমত ঊনত্ৰিশ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল অবী। তেওঁ জখৰীয়াৰ জীয়েক আছিল।

তেতিয়া আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ এই কথা কৈ পঠালে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে যে, ‘অচূৰৰ ৰজা চনহেৰীবৰ সম্বন্ধে তুমি যিদৰে প্ৰাৰ্থনা কৰিলা, তাক মই শুনিলো।’

কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে।

তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;

যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।

তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে।

হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, আৰু মোৰ কাতৰোক্তিলৈ কাণ পাতা; মোৰ চকুলো দেখি নিৰৱে নাথাকিবা! মোৰ সকলো পূর্বপুৰুষসকলৰ নিচিনাকৈ মই তোমাৰ সন্মুখত পৰদেশত বাস কৰা বিদেশীৰ দৰে আছোঁ।

তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?

যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে।

বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।

তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা;

যিচয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,

যেতিয়া মই ক’লো, “সহায় পাবলৈ কৰা মোৰ কাতৰোক্তিলৈ তুমি কাণত সোপা নিদিবা।” তেতিয়া তুমি মোৰ ধ্বনি শুনিলা।

‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”

কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”

আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’

কিন্তু নম্ৰ সকলৰ সান্ত্বনাদাতা ঈশ্বৰে তীতৰ আগমণৰ দ্বাৰাই আমাক সান্ত্বনা দিলে;

কিয়নো সিংহাসনৰ মাজত থকা মেৰ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন