Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 36:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু ৰবচাকিয়ে ক’লে, “মোৰ প্ৰভুৱে তোমাৰ প্ৰভু আৰু তোমাৰ ওচৰলৈ জানো মোক এই বোৰ কথা ক’বলৈ পঠাইছে? যি সকলে তোমালোকৰ সৈতে নিজৰ বিষ্ঠা খাবলৈ, আৰু নিজৰ প্রস্রাৱ পান কৰিবলৈ গড়ৰ ওচৰত বহি আছে, তেওঁলোকৰ ওচৰলৈ জানো মোক পঠোৱা নাই?

অধ্যায়টো চাওক কপি কৰক

11 পৰস্পৰ সংযোগসমূহ  

কিন্তু ৰবচাকিয়ে তেওঁলোকক ক’লে, “মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক’বলৈ জানো মোক পঠাইছে? তেওঁ জানো গড়ৰ ওপৰত বহা সেই সকলো লোক, যিসকলে আপোনালোকৰ দৰেই বিষ্ঠা আৰু প্রস্রাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই?”

তেতিয়া ইলিয়াকীম, চেবনা, আৰু যোৱাহে ৰবচাকিক ক’লে, “অনুগ্রহ কৰি, আপোনাৰ দাস সকলক অৰামীয়া ভাষাত কথা কওক, কাৰণ আমি অৰমীয়া বুজি পাওঁ। কিন্তু গড়ৰ ওপৰত থকা লোকসকলে শুনাকৈ ইব্ৰী ভাষাৰে আমাক কথা নক’ব।”

তাৰ পাছত ৰবচাকিয়ে থিয় হৈ ইব্ৰী ভাষাৰে ডাঙৰ মাতেৰে চিঞৰি ক’লে, তোমালোকে মহান ৰজা অচূৰীয়া কথা শুনা।

তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।

আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”

আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।

ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,

তোমালোকে নিজ নিজ পো-জীহঁতৰ মঙহ খাবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন