Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 32:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব।

অধ্যায়টো চাওক কপি কৰক

14 পৰস্পৰ সংযোগসমূহ  

আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।

সেই সময়ত, যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য, হাজাৰ দ্ৰাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই।

যিহোৱাই কৈছে, মই তেওঁলোকক একত্রিত কৰিম। দ্ৰাক্ষালতাত দ্ৰাক্ষাগুটি বা ডিমৰু গছত গুটি নাথাকিব, আৰু পাত জঁয় পৰিব, আৰু মই তেওঁলোকৰ কাৰণে আক্ৰমণকাৰীসকলক নিৰূপণ কৰিম।

মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।

কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।

দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।

হে মতলীয়াসকল, সাৰ পোৱা আৰু কান্দা! বিলাপ কৰা, হে দ্ৰাক্ষাৰস পান কৰোঁতাসকল, কাৰণ নতুন দ্রাক্ষাৰস তোমালোকৰ মুখৰ পৰা সম্পূর্ণৰূপে আতৰাই দিয়া হ’ল।

সিহঁতে মোৰ দ্ৰাক্ষালতা ধ্বংস কৰিলে, আৰু মোৰ ডিমৰু গছৰ বাকলি এৰুৱালে। সিহঁতে তাক নিচেইকৈ বখলিয়ালে আৰু পেলাই দিলে; তাৰ ডালবোৰ বগা কৰিলে।

যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই, যদিও জিত গছৰ উৎপন্নই হতাশ কৰিছে, আৰু পথাৰবোৰত শস্য উৎপন্ন হোৱা নাই, যদিও গঁৰালৰ পৰা মেৰ-ছাগৰ জাকক উচ্ছন্ন কৰা হৈছে, আৰু গোহালিত এটাও গৰু নাই,

তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন