Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 29:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যদি “ইয়াক পাঠ কৰা,” এই বুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, “মই পঢ়িব নাজানো।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

সকলো দৰ্শন তোমালোকলৈ চাব মাৰি বন্ধ কৰা এখনি পুথিৰ বাক্যস্বৰূপ; “ইয়াক পাঠ কৰা।” এই বুলি কৈ জ্ঞানী এজনক সেই পুথি খন দিলে তেওঁ কয়, “মই নোৱাৰোঁ, কাৰণ এয়ে চাব মাৰি বন্ধ কৰা।”

যিহোৱাই ক’লে, “এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু ওঁঠেৰেহে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ’লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্রতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা।

সেই দিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব।

মোৰ সাক্ষ্যৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া।

তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক। তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে যিহোৱাৰ পথ, আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে।

জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন