Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 22:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।

হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।

নিশ্চিন্ত মনে বহি থকা হে ইন্দ্রিয়াসক্ত, সেইয়ে তুমি এতিয়া এই কথা শুনা, তুমি নিজৰ মনতে কৈছা, “মই বর্তি আছোঁ, মোৰ দৰে আন কোনো নাই; মই কেতিয়াও বিধৱা হৈ নাথাকিম, নাইবা সন্তান হানি হোৱা অনুভব নকৰিম।”

আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নোহোৱালৈকে বহু ৰাতিলৈকে বহি থাকে তেওঁলোকৰ সন্তাপ হ’ব।

তেওঁলোকৰ ভোজৰ আয়োজন বীণা, নেবল, খঞ্জৰী, বাঁহী, আৰু দ্ৰাক্ষাৰস; কিন্তু তেওঁলোকে যিহোৱাৰ কার্য বুজি নাপায়, নাইবা তেওঁৰ হাতৰ কার্য বিবেচনা নকৰে।

যি সকল দ্ৰাক্ষাৰস পান কৰাত প্রথমশ্রেণীৰ, আৰু সুৰা মিহলি কৰাত নিপুণ, তেওঁলোকৰ সন্তাপ হ’ব।

তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”

তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।

চোৱা! তোমাৰ ভনী চদোমৰ এই অপৰাধ আছিল: যে, তাইৰ আৰু তাইৰ জীসকলৰ অহংকাৰ, আহাৰৰ সম্পূৰ্ণতা আৰু নিশ্চিন্ততাযুক্ত সুখ আছিল; তাই দুখী দৰিদ্ৰৰ হাত সবল নকৰিছিল।

হে ইস্ৰায়েল, অন্যান্য জাতিবোৰৰ দৰে তুমি অতিশয় আনন্দ নকৰিবা; তুমিতো তোমাৰ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম কৰিছা, মৰণা মৰা প্ৰত্যেক মজিয়াত তুমি বেশ্যাকর্মৰ বেচ পাই আনন্দিত হৈছা।

মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।

আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন