সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম,
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ।
হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।
মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক।
কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম।
কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে!
বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।
আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।