Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যিচ 13:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু মৰুভূমিৰ বনৰীয়া জন্তুৱে তাত বাস কৰিব; তেওঁলোকৰ ঘৰবোৰ ফেঁচাৰে পৰিপূৰ্ণ হ’ব, আৰু সেই ঠাইত উট পক্ষীয়ে আৰু বনৰীয়া ছাগলীবোৰে জপিয়াব।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,

কলদীয়াসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।

কিয়নো অাপুনি আমাৰ শত্রুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলা, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে, বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ’ল।

কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব।

এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাংকুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট পক্ষীবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।

বগা ফেচাঁ, লক্ষী ফেচাঁ, গঙ্গা-চিলনী আৰু সকলো বিধৰ শেন।

এই কাৰণে মই বিলাপ আৰু ক্রন্দন কৰি চিঞৰিম; মই খালি ভৰি আৰু বিবস্ত্র হৈ যাম; মই শিয়ালৰ দৰে চিঞৰিম, আৰু ফেঁচাৰ দৰে শোক প্রকাশ কৰিম।

তাৰ পাছত পশুৰ জাক আৰু বন্য প্রাণীবোৰে তাত বাস কৰিব; নগৰৰ ধ্বংসস্তূপবোৰত চৰাই আৰু ফেঁচাবোৰে বাহঁ সাজি ৰাতি কটাব। খিড়িকীত সিহঁতৰ চিৰিক-চিৰিক এক শব্দ শুনা যাব; কাউৰীবোৰে খালী ঘৰবোৰৰ দুৱাৰমুখত আহি মাতিব; কিয়নো ঘৰৰ এৰচ কাঠৰ চটিবোৰ তেওঁ উন্মুক্ত কৰিলে।

তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন