তাৰ উপৰিও, মিচৰীয়া সকলে বন্দীকামত লগোৱা ইস্ৰায়েলী লোক সকলৰ ক্রন্দন মই শুনিলো, আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ।
পাছত ঈশ্বৰে নোহ আৰু তেওঁৰ লগত জাহাজত থকা পশু আদি সকলো প্ৰাণীকে সুঁৱৰিলে; তেওঁ পৃথিবীৰ ওপৰেদি বতাহ বোৱালে আৰু তাতে পানী কমিবলৈ ধৰিলে।
তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
কিন্তু মিচৰৰ ৰজাই তেওঁলোকক ক’লে, “মোচি আৰু হাৰোণ, তোমালোকে কিয় লোক সকলক তেওঁলোকৰ কামৰ পৰা লৈ গৈছা?” এই বুলি লোকসকলক তেওঁ ক’লে, “তোমালোক কামলৈ ঘূৰি যোৱা।”
তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ দয়ালু;
তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান সোঁৱৰণ কৰাব;