Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 6:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

“তুমি গৈ মিচৰৰ ৰজা ফৰৌণক কোৱা যে, ইস্ৰায়েলী লোক সকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”

তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;

মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”

এই ঘটনাৰ পাছত মোচি আৰু হাৰোণে গৈ ফৰৌণক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে, ‘মৰুভূমিত মোৰ উদ্দেশ্যে উৎসৱ পালন কৰিবলৈ, মোৰ লোকসকলক যাবলৈ দিয়া’।”

মই যেতিয়াৰে পৰা আপোনাৰ নামেৰে ফৰৌণৰ আগত কথা ক’বলৈ উপস্থিত হলোঁ, তেতিয়াৰে পৰা তেওঁ এই লোক সকলক যন্ত্রণা দিছে; আৰু আপুনি নিজৰ লোক সকলক সমূলি উদ্ধাৰ কৰা নাই।”

সেয়ে যিহোৱাই মোচিক ক’লে,

তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”

তেতিয়া যিহোৱাই মোচিক ক’লে, “চোৱা, ফৰৌণৰ আগত মই তোমাক ঈশ্বৰস্বৰূপ কৰিলোঁ; আৰু তোমাৰ ককায়েৰা হাৰোণ তোমাৰ ভাববাদী হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন