Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 4:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।

অধ্যায়টো চাওক কপি কৰক

34 পৰস্পৰ সংযোগসমূহ  

এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”

তেতিয়া যিহোৱাই ক’লে, ‘কেনেকৈ?’ তেওঁ ক’লে, ‘মই গৈ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ’ম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক উত্তেজিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা। এতিয়া ওলাই যোৱা আৰু সেইদৰে কৰা।’

তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।

যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।

যিহোৱাই মোচিক ক’লে, “তুমি ফৰৌণৰ ওচৰলৈ যোৱা। মিচৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰৌণ আৰু তেওঁৰ দাস সকলৰ মন কঠিন কৰিলোঁ।

কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলৰ লোকসকলক যাবলৈ নিদিলে।

কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ তেওঁলোকক যাবলৈ নিদিলে।

মোচি আৰু হাৰোণে ফৰৌণৰ সাক্ষাতে সেই সকলো অদ্ভুত লক্ষণ দেখুৱাইছিল। কিন্তু যিহোৱাই ফৰৌণৰ মন কঠিন কৰিছিল, সেই বাবে তেওঁ নিজৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।

যিহোৱাই মোচিক কৈছিল, “মোৰ অদ্ভুত লক্ষণ যেন মিচৰ দেশত অধিককৈ দেখুউৱাব পাৰোঁ, সেই বাবে ফৰৌণে তোমাৰ কথা নুশুনিব।”

চোৱা মই মিচৰীয়া সকলৰ মন কঠিন কৰিম; তাতে তেওঁলোকে তেওঁলোকৰ পাছে পাছে যাব। মই ফৰৌণ, তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আৰু সৈন্য সকলৰ দ্বাৰাই গৌৰৱান্বিত হ’ম।

মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।

যিহোৱাই মিচৰৰ ৰজা ফৰৌণৰ মন কঠিন কৰিলে, তাতে তেওঁ ইস্ৰায়েলী লোকসকলৰ পাছে পাছে খেদি গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে যিহোৱাৰ জয়ধ্বনি কৰি ওলাই গৈছিল।

কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।

মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।

তাৰ পাছত যিহোৱাই কোৱাৰ দৰেই, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ তেওঁলোকৰ কথা নুশুনিলে।

কিন্তু মই ফৰৌণৰ মন কঠিন কৰিম, আৰু মিচৰ দেশত মোৰ পৰাক্রমী চিন আৰু অদ্ভুত লক্ষণ দেখুৱাম।

ভেকুলীবোৰ আপোনাৰ, আপোনাৰ ঘৰ, দাস, আৰু লোকসকলৰ পৰাও গুচি যাব। সেইবোৰ কেৱল নদীতহে থাকিব।”

কিন্তু ফৰৌণে ভেকুলীৰ উপদ্রৱৰ পৰা সকাহ পোৱা দেখি, যিহোৱাই কোৱাৰ দৰে, ফৰৌণে পুনৰ নিজৰ মন কঠিন কৰি মোচি আৰু হাৰোণৰ কথা নুশুনিলে।

তথাপিও ফৰৌণে সেইবাৰো মন কঠিন কৰিলে, আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে।

তথাপি যিহোৱাই মোচিক কোৱাৰ দৰে, তেওঁ ফৰৌণৰ মন কঠিন কৰিলে, সেয়ে ফৰৌণে মোচি আৰু হাৰোণৰ কথা নুশুনিলে।

এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰে, ফৰৌণৰ মন কঠিন হ’ল, আৰু তেওঁ ইস্ৰায়েলী লোকসকলক যাবলৈ এৰি নিদিলে।

এই লোকসকলৰ অন্তৰ অনুভুতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা, আৰু তেওঁলোকৰ চকু অন্ধ কৰা; সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব, আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘুৰি আহিব, আৰু সুস্থ হ’ব।”

হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।

“তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”

তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷

এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।

যি সকল হেৰাই গৈছে, তেওঁলোকৰ ওচৰত আমি মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ; কিন্তু যি সকলে পৰিত্রাণ পালে, তেওঁলোকৰ ওচৰত আমি জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ। এনে কৰ্মৰ যোগ্য কোন আছে?

অৰ্ণোন উপত্যকাৰ দাঁতিত অৰোয়েৰ নগৰ আৰু সেই উপত্যকাৰ মাজত থকা নগৰৰ পৰা গিলিয়দলৈকে আমি জয় কৰিব নোৱাৰা এনে কোনো নগৰ বাকী নাথাকিল। আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ সন্মুখত থকা সকলো শত্রুপক্ষৰ ওপৰত আমাক জয়ী কৰাইছিল।

কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷

আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন