Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 4:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।

এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।

যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”

কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”

যাত্রা পথত তোমালোকক সুৰক্ষা দান কৰিবলৈ, আৰু মই যি ঠাই তোমালোকৰ বাবে যুগুত কৰিছোঁ, সেই ঠাইলৈ তোমালোকক লৈ যাবলৈ, মই তোমালোকৰ আগে আগে এজন দূত পঠাম।

মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”

তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”

তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।

তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”

আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।

কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।

তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”

মানুহৰ পুত্ৰই তেওঁৰ দূত সকলক পঠাই দিব আৰু সেই দূত সকলে পাপলৈ নিয়া সকলো বিঘ্নজনক বিষয়বোৰ আৰু দুৰাচাৰী লোক সকলক, মানুহৰ পুত্রৰ ৰাজ্যৰ মাজৰ পৰা গোটাই অগ্নিকুণ্ডত পেলাই দিব।

যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”

যিহোৱাৰ দূতে গিলগলৰ পৰা বোখীমলৈ উঠি আহি ইস্রায়েলীসকলক ক’লে, “মই মিচৰ দেশৰ পৰা তোমালোকক বাহিৰ কৰি আনিলো অাৰু যি দেশ দিম বুলি মই তোমালোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক লৈ আহিলোঁ; মই কৈছিলোঁ, ‘তোমালোকৰ সৈতে স্থাপন কৰা মোৰ নিয়মটি মই কেতিয়াও নাভাঙিম।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন