মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।