তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।
এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।