যাত্ৰা 3:1ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল। অধ্যায়টো চাওক |
যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”