Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 29:34

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

ৰাতিপুৱালৈ তাৰ অলপো অৱশিষ্ট নাৰাখিবা। কিন্তু ৰাতিপুৱালৈ যি অৱশিষ্ট থাকিব, তাক তোমালোকে জুইত পুৰি ভষ্ম কৰি দিবা।

তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”

তোমালোকে খমীৰ দিয়া পিঠাৰে সৈতে বলিৰ তেজ মোলৈ উৎসৰ্গ নকৰিবা। মোৰ উৎসৱৰ সময়ত বলিদান কৰা পশুৰ চৰ্বি গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে অৱশিষ্ট থাকিব নালাগে।

তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।

তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।

ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।

তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।

তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,

যিবোৰ বাকী থকা মাংস আৰু পিঠা ৰৈ যাব, সেইবোৰ জুইত পুৰি ভস্ম কৰিবা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন