এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকৰ গা ধুৱাবা।
“তুমি হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰসকলক, লগত বস্ত্ৰবোৰ, অভিষেকাৰ্থক তেল, পাপাৰ্থক বলিদানৰ দমৰা গৰুটো, মতা মেৰ দুটা আৰু খমীৰ নিদিয়া পিঠাৰ খৰাহিটো লোৱা।
আৰু যিহোৱাৰ সন্মূখত থকা খমীৰ নিদিয়া পিঠা, খৰাহিৰ পৰা এটা খমীৰ নিদিয়া বিন্ধা থকা পিঠা আৰু এটা পাতল চকলীয়া পিঠা লৈ, সেই তেল আৰু সোঁ কৰঙনটোৰ ওপৰত হ’ল।
সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা।
খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।