Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 28:33

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷

এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।

তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!

তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।

সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা এটা ডালিম, আৰু এটা সোণৰ জুনুকা এটা ডালিম এইদৰে থাকিব।

কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন