তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।
তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল।