তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।