শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।