তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
তেতিয়া যাকোবে সেই ঠাইৰ নাম পনীয়েল ৰাখিলে। তেওঁ ক’লে, “মই ঈশ্বৰক সন্মুখা-সন্মুখিকৈ দেখা পালতো, মই জীয়াই আছোঁ।”
যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে।
মীখায়াই পুনৰায় ক’লে, “বাৰু, তুমি যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ; সোঁফালে আৰু বাওঁফালে তেওঁৰ ওচৰত স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা মই বিনয় কৰোঁ, আপোনাৰ দাস দায়ূদক আপুনি যি বাক্য কৈছিল, সেয়ে যেন সত্যত পৰিনত হয়।
ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”
তেওঁৰ বাহু দুখন যেন ৰত্নখচিত সোণৰ দণ্ড; তেওঁৰ শৰীৰতো হাতী দাঁতেৰে তৈয়াৰ কৰা; নীলকান্ত মণিৰে ঢকা।
“পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?” প্রিয়াৰ কথা:
তেওঁৰ প্ৰধান লোকসকল হিমতকৈয়ো নিৰ্ম্মল, এঁৱা গাখীৰতকৈয়ো বগা আছিল। তেওঁলোকৰ গা পদ্মৰাগ মণিতকৈয়ো ৰঙা আছিল; তেওঁলোকৰ উজ্বলতা নীলকান্ত মণিৰ সদৃশ আছিল।
ত্ৰিশ বছৰৰ, চতুৰ্থ মাহৰ পঞ্চম দিনা, মই কবাৰ নদীৰ পাৰত বন্দী অৱস্থাত থকা লোকসকলৰ মাজত থাকোঁতে, স্বৰ্গ মুকলি কৰি দিয়া হ’ল আৰু মই ঐশ্বৰিক দৰ্শন পালোঁ।
তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ। আৰু তেওঁ মোৰ আকাৰ দেখে। এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”
যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
তেওঁৰ সোঁ হাতত সাতোটা তৰা আছিল; তেওঁৰ মুখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলাইছিল৷ তেওঁৰ মুখ মণ্ডল জিলিকি আছিল, একেবাৰে সূর্যৰ পৰা নির্গত হোৱা পোহৰৰ দৰে শক্তিশালী আছিল।
সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷
সেই বহি থকা জন দেখিবলৈ সুৰ্য্যকান্ত আৰু চাৰ্দ্দীয়া মণিৰ নিচিনা৷ সেই সিংহাসনৰ চাৰিওফালে এখন ৰামধনু আছিল, সেই ৰামধনু খন দেখিবলৈ মৰকত মণিৰ নিচিনা আছিল৷