তোমালোকৰ গৰু আৰু মেৰ-ছাগৰ জাকৰ ক্ষেত্রতো সেইদৰেই কৰিবা। সেই পশুবোৰ সাত দিন নিজৰ মাকৰ লগত থাকিব, কিন্তু অষ্টম দিনা তোমালোকে সেইবোৰ মোক দিব লাগিব।
বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
তেতিয়া তোমালোকৰ প্রত্যেকৰে প্রথমে জন্ম হোৱা সন্তান আৰু তোমালোকৰ জীৱ জন্তুৰ প্রথমে জন্মা পশু যিহোৱাৰ উদ্দেশ্যে পৃথক কৰিবা। প্রথমে জন্মা সকলো পুৰুষ আৰু মতাপশু যিহোৱাৰ হ’ব।
তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
কাৰণ মই তোমালোকৰ ঈশ্বৰ যিহোৱা; এই হেতুকে তোমালোকে নিজকে পবিত্ৰ কৰি পবিত্ৰ হোৱা, কিয়নো মই পবিত্ৰ; তোমালোকে মাটিৰ ওপৰত বগাই ফুৰা ভূ-চৰ জন্তুবোৰৰ দ্বাৰাই নিজকে অশুচি নকৰিবা।
কিয়নো, তোমালোকৰ ঈশ্বৰ হ’বলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই অনা যিহোৱা মই; এই হেতুকে তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।
পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
স্বদেশীয় বা বিদেশীয় লোকসকলৰ মাজৰ যি কোনোৱে নিজে নিজেই মৰা, বা হিংসুক জন্তুৱে ছিৰা পশু ভোজন কৰিব তেওঁ নিজ বস্ত্ৰ ধুই পানীত গা ধুব আৰু সন্ধ্যালৈকে তেওঁ অশুচি হৈ থাকিব; তাৰ পাছত তেওঁ শুচি হ’ব।
“গৰু, কি মেৰ, কি ছাগলী জগাৰ পাছত সাতদিনলৈকে মাকৰ লগত থাকিব লাগিব। তেতিয়া অষ্টম দিনৰ পৰা যিহোৱাৰ উদ্দেশ্যে আগ কৰা অগ্নিকৃত উপহাৰৰ বাবে তাক গ্ৰহণ কৰা হ’ব।
পুৰোহিতে নিজক অশুচি কৰিবৰ অৰ্থে কোনো মৰি থকা বা হিংসুক জন্তুৱে ছিৰা পশুৰ মঙহ নাখাব। মই যিহোৱা।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।