Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 21:30

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।

অধ্যায়টো চাওক কপি কৰক

6 পৰস্পৰ সংযোগসমূহ  

পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপন কৰা অনুসাৰে জৰিমনা দিব লাগিব।

কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।

সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।

“তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।

এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন