Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 20:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।

অধ্যায়টো চাওক কপি কৰক

44 পৰস্পৰ সংযোগসমূহ  

মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।

তাৰ পাছত “যিহোৱাই ঈশ্বৰৰ নিয়ম-চন্দুকৰ বাবে ওবেদ-ইদোমৰ ঘৰ আৰু তেওঁৰ যি যি আছে, সেই সকলোকে আশীৰ্ব্বাদ কৰিলে” এই বুলি দায়ূদৰ আগত কোৱা হ’ল। তেতিয়া দায়ূদে গৈ ওবেদ ইদোমৰ ঘৰৰ পৰা আনন্দেৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰলৈ লৈ আনিলে।

হে মোৰ ঈশ্বৰ যিহোৱা, এই মন্দিৰৰ ফাললৈ আপোনাৰ চকু দিনে ৰাতিয়ে মুকলি হৈ থাকক, যিদৰে আপুনি কৈছিল বোলে, ‘মোৰ নাম আৰু মোৰ উপস্থিতি তাত হ’ব’ যাতে যিসকলে এই গৃহৰ ফাললৈ মুখ কৰি নিবেদন কৰিব, সেই নিবেদন আপোনালৈ শুনা যাব৷

তেতিয়া, আপোনাৰ বাসস্থান স্বৰ্গত থাকি তাক শুনিব আৰু সেই বিদেশী লোকে আপোনালৈ কৰা আটাই প্ৰাৰ্থনাৰ দৰে তালৈ কাৰ্য কৰিব। আপোনাৰ প্ৰজা ইস্ৰায়েলৰ দৰে আপোনাক ভয় কৰিবৰ অৰ্থে, পৃথিৱীৰ আটাই জাতিয়ে যেন আপোনাৰ নাম জানিব আৰু মই সজা এই গৃহ যে আপোনাৰ নামেৰে প্ৰখ্যাত, তাকো যেন জানিব৷

যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।

নামানে ক’লে, “আপুনি যদি ইয়াক নলয়, তেন্তে অন্ততঃ মোক ইস্রায়েলৰ পৰা দুটা খছৰে বোজা কৰিব পৰাকৈ মাটি আপোনাৰ এই দাসক দিয়ক; কিয়নো এতিয়াৰ পৰা মই যিহোৱাৰ বাহিৰে কোনো ইতৰ দেৱতালৈ হোমবলি বা বলি উৎসর্গ নকৰিম।

ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।

কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’

কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।

যিকোনো ৰজা আৰু প্ৰজাই যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা-লঙ্ঘন কৰিব, তেওঁক ঈশ্ৱৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবচে, এই আজ্ঞা কৰিছোঁ। ইয়াক সম্পূৰ্ণভাৱে পালন কৰা।”

কিন্তু যদি তোমালোকে মোলৈ ঘুৰি আহাঁ, আৰু মোৰ আজ্ঞা পালন কৰি সেই মতে কাৰ্য কৰা, তেন্তে তোমালোকৰ লোকসকল আকাশৰ অন্তভাগত ছিন্ন-ভিন্ন হৈ থাকিলেও, মই তাৰ পৰা তেওঁলোকক আনি একগোট কৰিম, আৰু মোৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে মই মনোনীত কৰা ঠাইলৈ তেওঁলোকক ঘূৰাই আনিম’।

মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম; তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা? মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।

হে যিৰূচালেম, আমি তোমাৰ দুৱাৰবোৰৰ ভিতৰত ভৰি থৈ থিয় হৈ আছোঁ।

যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।

যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।

চালেমত তেওঁৰ তম্বু আছে; চিয়োনত তেওঁৰ বসতি স্থান আছে।

কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।

কিন্তু মোচিয়ে ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব।”

তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।

তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।

তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।

তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।

তুমি যজ্ঞবেদীটো চিটীম কাঠেৰে সাজিবা। সেই বেদীৰ দীঘলে পাঁচ হাত, বহলে পাঁচ হাত হ’ব লাগিব। যজ্ঞবেদীৰ চাৰিও দিশ সমান হ’ব লাগিব, আৰু ওখই তিনি হাত হ’ব লাগিব।

সৎকাৰ্য্য কৰি আনন্দ কৰা জনক, আৰু তোমাৰ পথ সোঁৱৰণ কৰি চলা জনক সহায় কৰিবলৈ তুমি আহিলা। আমি যেতিয়া পাপ কৰিছিলোঁ, তুমি ক্ৰোধিত হৈছিলা, তোমাৰ পথত আমি সকলো সময়তে উদ্ধাৰ হ’ব পাৰিম।

যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ ননাকৈ উৎসৰ্গ কৰিব, সেই লোকজন নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।

কিয়নো সূৰ্যৰ উদয়স্থানৰ পৰা অস্তগমণস্থান পর্যন্ত সকলো জাতিৰ মাজত মোৰ নাম মহান হ’ব আৰু প্ৰত্যেক স্থানত মোৰ নামৰ উদ্দেশ্যে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গ কৰা হ’ব; কিয়নো মোৰ নাম জাতিবোৰৰ মাজত মহান হ’ব” বাহিনীগণৰ যিহোৱাই কৈছে,

কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”

মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ”।

তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁৰ নাম স্থাপনৰ কাৰণে যি ঠাই বাছি লব, সেই ঠাইলৈ মই আদেশ কৰা সকলো বস্তু লৈ আহিব অৰ্থাৎ নিজ নিজ হোমবলি, বলি উৎসর্গ, দশমভাগ, আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য, যিহোৱাৰ উদ্দেশ্যে কৰা সকলো সঙ্কল্প পূৰণৰ নৈবেদ্য।

আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অৰ্থে যি ঠাই বাছি ল’ব, সেয়ে যদি আপোনালোকৰ ওচৰৰ পৰা বহুত দূৰৈত হয়, তেন্তে মই দিয়া আজ্ঞা অনুসাৰে আপোনালোকে যিহোৱাই আপোনালোকক দিয়া গৰু-ছাগলী, মেৰ আদি জাকৰ পৰা পশু লৈ মাৰিব পাৰিব আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত মনৰ ইচ্ছাৰ দৰে ভোজন কৰিব পাৰিব।

কিন্তু ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ কাৰণে আপোনালোকৰ সকলো ফৈদৰ মাজত যি ঠাই মনোনীত কৰিব, সেই ঠাই তেওঁৰ বসতিৰ ঠাই হ’ব। আপোনালোকে অৱশ্যেই তেওঁৰ উপসানাৰ কাৰণে সেই ঠাইলৈ যাব।

যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।

আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।

তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।

তেওঁ আপোনালোকক প্ৰেম কৰিব, আশীৰ্ব্বাদ কৰিব আৰু আপোনালোকৰ সংখ্যা বৃদ্ধি কৰিব; যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত তেওঁ শপত কৰিছিল, সেই দেশত আপোনালোকৰ গৰ্ভফল, খেতিৰ ফল, শস্য, নতুন দ্ৰাক্ষাৰস, তেল, আপোনালোকৰ পশুবোৰৰ লগতে মেৰ আৰু ছাগলী পোৱালীৰ সংখ্যা বৃদ্ধি আদি সকলোতে তেওঁ আশীৰ্ব্বাদ কৰিব।

মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন