যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
তেওঁ ক’লে “মোৰ প্রভু অব্ৰাহামৰ ঈশ্বৰ যিহোৱা ধন্য; মোৰ প্ৰভুৰ প্রতি তেওঁ বিশ্বস্ততা আৰু বিশ্বাসযোগ্যতা এতিয়ালৈ ত্যাগ কৰা নাই। এইদৰে মোক যিহোৱাই স্পষ্টভাৱে বাট দেখুৱাই মোৰ প্রভুৰ আত্মীয়ৰ ঘৰলৈ লৈ আনিলে।”
তেতিয়া অহীমাচে ৰিঙিয়াই ৰজাক ক’লে, “সকলো মঙ্গলময়৷” পাছত তেওঁ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক’লে, “যি জনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক শোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ যিহোৱা ধন্য।”
তেওঁ আৰু ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; কিয়নো তেওঁ মোৰ পিতৃ দায়ূদক নিজ মুখেৰে কথা কৈছিল আৰু নিজ হাতেৰে এই বাক্য সিদ্ধও কৰিছিল আৰু কৈছিল যে,
“যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
ধন্য ইস্রায়েলৰ ঈশ্বৰ যিহোৱা, অনাদি কালৰ পৰা অনন্ত কাল পর্যন্ত। আমেন, আৰু আমেন।
‘ইস্ৰায়েলৰ প্ৰভু ঈশ্বৰৰ প্রশংসা হওক; কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে।
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰৰ প্রশংসা হওক। তেওঁ স্বর্গীয় ঠাইবোৰত থকা সকলো আত্মিক আশীর্বাদেৰে সৈতে খ্রীষ্টত আমাক আশীর্বাদ কৰিলে।
আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!
ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।
দায়ূদে অবীগলক ক’লে, “আজি মোৰ লগত তোমাক সাক্ষাৎ কৰিবলৈ যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে তোমাক পঠালে, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য।