Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



যাত্ৰা 17:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

লোকসকল পিয়াহত আতুৰ হ’ল, আৰু মোচিৰ বিৰুদ্ধে অভিযোগ কৰিলে। তেওঁলোকে ক’লে, “আপুনি কিয় আমাক মিচৰৰ পৰা উলিয়াই আনিলে? আমাক, আমাৰ সন্তানসকলক, আৰু পশুবোৰকো পিয়াহত মৰিবলৈ মিচৰৰ পৰা আনিলে নেকি?”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকৰ ভোক লগা সময়ত আকাশৰ পৰা আহাৰ দিলে, আৰু পিয়াহ গুচাবলৈ শিলৰ পৰা পানী উলিয়ালে। আপুনি যি দেশ দিবলৈ তেওঁলোকক প্রতিজ্ঞা কৰিছিল, সেই দেশলৈ যাবলৈ তেওঁলোকক আজ্ঞা দিলে।

আপুনি তেওঁলোকক শিক্ষা দিবৰ কাৰণে আপোনাৰ মঙ্গলময় আত্মা তেওঁলোকক দান কৰিলে, আৰু তেওঁলোকৰ মুখৰ পৰা আপোনাৰ মান্না প্রত্যাহাৰ নকৰিলে, আৰু তেওঁলোকৰ পিয়াহ গুচাবলৈ তেওঁলোকক পানী দিলে।

তেওঁলোক ক্ষুধিত আৰু তৃষ্ণার্ত হ’ল; তেওঁলোকৰ প্ৰাণ শ্রান্ত হৈ মূর্ছিত হ’ল।

ইয়াৰ উপৰিও অনা ইস্ৰায়েলী বহুলোক,তেওঁলোকৰ ভেৰা, ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল।

তেওঁলোকে মোচিক ক’লে, “মিচৰত মৈদাম নাই নে যে, আমি মৰুভূমিত মৰিবলৈ, আপুনি আমাক ইয়ালৈ আনিলে? আপুনি আমাক মিচৰৰ পৰা উলিয়াই আনি, আমালৈ কিয় এনেকুৱা ব্যৱহাৰ কৰিছে?

সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?”

তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।

আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা?




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন